30 C
Guwahati
Friday, May 17, 2024

চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি ল’লে কিশোৰ দাসে

Must Read

এটি কলি ফুল হৈ উঠিছিল মাথোঁ। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ খেলা, অকালতে মৰহি গ’ল কলিটি । সুস্থ হৈ উভতি আহিম বুলি কোৱা কিশোৰ দাসৰ চেন্নাইত শয্যাশায়ী ।

দক্ষিণ কামৰূপৰ মিৰ্জা বজাৰাপাৰত জন্মগ্ৰহন কৰিছিল কিশোৰ দাসে। অকালতে মৃত্যুক সাৱটি লয় যুৱ অভিনেতাজনে। তেওঁৰ মৃত্যুৱে মৰ্মাহত কৰি পেলাইছে সকলোকে ।

চেন্নাইত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি ল’লে কিশোৰ দাসে । দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল কিশোৰ দাস। গুৱাহাটীতে চিকিৎসাধীন হৈ থাকি যোৱা ২২ মাৰ্চত উন্নত চিকিৎসাৰ বাবে মুম্বাই আৰু পৰৱৰ্তী সময়ত চেন্নাইত চিকিৎসাধীন হৈছিল । কিন্তু পিছত কিশোৰৰ অৱস্থা অধিক অৱনতি ঘটাত চেন্নাইতে যোৱা ৰবিবাৰৰ পৰা আই চি ইউত ভৰ্তি হৈ আছিল । তাৰপিছতে নিশা ৩:৩০ বজাত মৃত্যুক আঁকোৱালি লয় কিশোৰ দাসে। কিশোৰ দাসৰ আত্মীয়ৰ লগতে অনুৰাগীৰ চকুত এতিয়া কেৱল চকুপানী ।

বহু চেষ্টাৰ পিছতো অসমবাসীক কন্দুৱাই গুচি গ’ল কিশোৰ দাস। অতি কম সময়তে অসমৰ ৰাইজৰ আপোন হৈ পৰা কিশোৰৰ মৃত্যুত সমগ্ৰ সাংস্কৃতিক জগতখনতে শোকৰ ছাঁ পৰিছে।

ব্লাড কেন্সাৰত আক্ৰান্ত অভিনেতা কিশোৰ দাস শেহতীয়াকৈ ক’ভিডতো আক্ৰান্ত হৈছিল।অতি দুৰ্বল হৈ থকা কিশোৰক ক’ভিডেই মৃত্যুৰ মুখলৈ ঠেলি দিলে বুলিও অনুৰাগীসকলৰ মাজত চৰ্চা চলিছে। কিশোৰ দাসে ৩০০ তকৈও অধিক সংগীত ভিডিঅ’ত অভিনয় কৰিছে।

উল্লেখযোগ্য যে,কিশোৰৰ অন্তিমখন ছবি মুক্তি পাইছিল যোৱা ২৪ জুনত।‘দাদা তুমি দুষ্ট বৰ’ ছবিত অন্তিম অভিনয় কৰিছিল কিশোৰ দাসে। অৱশেষত উদীয়মান অভিনেতা কিশোৰ দাসৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক সেয়াই কামনা কৰিলোঁ।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -