26 C
Guwahati
Sunday, May 19, 2024

পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ MBA, LLM ডিগ্ৰীধাৰী প্ৰাৰ্থী

Must Read

পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ MBA, LLM ডিগ্ৰীধাৰী প্ৰাৰ্থী

ৰাজনীতি মানেই বহুতৰে এটা ধাৰণা থাকেই যে অশিক্ষিত লোকেহে ৰাজনীতি কৰে ৷ কিন্তু সেই বদনাম লাহে লাহে নোহোৱা হ’বলৈ ধৰিছে ৷ প্ৰসংগ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন আৰু প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতা ৷ পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ মহানগৰীৰ ভোটাৰে পাব এক সুকীয়া অভিজ্ঞতা । কাৰণ মহানগৰীৰ ভোটাৰে  এইবাৰ উচ্চ শিক্ষিত  জনপ্ৰতিনিধি বাছনি কৰাৰ সুযোগ পাব ।

MBA , LLM ডিগ্ৰীধাৰী যুৱক-যুৱতী এইবাৰ নিৰ্বাচনী প্ৰাৰ্থী ৷ সন্মুখত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ৷ ইতিমধ্যে প্ৰাৰ্থীসকলে চলাইছে জোৰদাৰ প্ৰচাৰ ৷ সততে দেখাৰ বিপৰীত ছবি এখন গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত দেখা দিছে ৷ উচ্চ শিক্ষিত প্ৰাৰ্থী ওলাই আহিছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৷

ইয়াৰ ভিতৰত বিজেপিয়ে ১১নম্বৰ ৱাৰ্ডত প্ৰক্ষেপ কৰা মঞ্জুলা দেৱী অসমীয়া ভাষাত M.Phil কৰা ৷ ১৫ নম্বৰ ৱাৰ্ডত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সৌৰভ ঝুনজুনৱালা LLM ডিগ্ৰীধাৰী, ২২নম্বৰ ৱাৰ্ডত প্ৰক্ষেপিত স্মিতা ৰয় অৰ্থনীতিত MAকৰা, ৬নম্বৰ ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী শুতাপা সৰকাৰ M.Com ডিগ্ৰীধাৰী, ৭নম্বৰ ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী অজয় চক্ৰৱৰ্তী MA, ১৭নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী স্নিগ্ধা বৰুৱা মজুমদাৰ LLB, ৩১নম্বৰ ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী ৰত্না সিং M.Sc/B.ed, ৩৬নম্বৰ ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী মেঘনা হাজৰিকা ইংৰাজীৰ MA, ৪৬নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী আশিস ভৰালী MBAডিগ্ৰীধাৰী, ৫১নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী ডিম্পল ৰাভা ছ’চিয়ল’জীত MA ডিগ্ৰীধাৰী ৷

আমি উল্লেখ নকৰা অধিকাংশ প্ৰাৰ্থীৰে শিক্ষাগত অৰ্হতা সৰ্বনিম্ন স্নাতক ৷ একেদৰে ৩৯টা ৱাৰ্ডত আম আদমি পাৰ্টীয়ে প্ৰক্ষেপ কৰা প্ৰাৰ্থীসকলো শিক্ষিত ৷ ইয়াৰ ভিতৰত ২৩ বছৰীয়া জয়শ্ৰী তিৱাৰী এইবাৰ  ৫৬ নং ৱাৰ্ডৰ আম আদমী পাৰ্টীৰ প্ৰাৰ্থী । জয়শ্ৰীৰ শিক্ষাগত অৰ্হতা M.Com ত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ ৷ শিক্ষিতসকল ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হোৱাৰ বিষয়টো নিশ্চয়কৈ শুভ ইংগিত ৷

উল্লেখ্য যে ২২এপ্ৰিলত ৫৭টা ৱাৰ্ডত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ ইতিমধ্যে তিনিটা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে শাসকীয় দল বিজেপিয়ে ৷ শাসকীয় বিজেপিয়ে ৫৩টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ৭টা ৱাৰ্ড এৰি দিছে মিত্ৰদল বিজেপিয়ে ৷

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -