23.4 C
Guwahati
Thursday, May 9, 2024

গুৱাহাটী পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ, ইভিএমত ভাগ্য নিৰ্ণয় হ’ব ২০৮ গৰাকী প্ৰাৰ্থীৰ

Must Read

গুৱাহাটী পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ, ইভিএমত ভাগ্য নিৰ্ণয় হ’ব ২০৮ গৰাকী প্ৰাৰ্থীৰ

বিভিন্ন ৰাজনৈতিক দলৰ তীব্ৰ প্ৰচাৰ অভিযানৰ অন্তত আজি গুৱাহাটী পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। পুৱা ৭.৩০ বজাৰ পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আবেলি ৪.৩০ বজাত এই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিব।

গুৱাহাটী পৌৰ নিৰ্বাচনৰ বাবে এইবাৰ গুৱাহাটী মহানগৰীৰ মুঠ ৭৫৭ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হৈছে। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত এগৰাকীকৈ প্ৰিজাইডিং বিষয়াৰ লগতে তিনিগৰাকীকৈ প’লিং বিষয়া নিয়োজিত কৰা হৈছে। মুঠ ৭৫৭ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৮০ টা ভোটগ্ৰহণ কেন্দ্ৰ কেবল মহিলাৰ দ্বাৰা পৰিচালিত কৰা হৈছে।

ইপিনে, গুৱাহাটী পৌৰ নিৰ্বাচনৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫,৬ আৰু ২২ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী তিনিগৰাকী বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হোৱাৰ বাবে এইবাৰ মুঠ ৫৭ টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হৈছে। ২৪ এপ্ৰিলত পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰাৰ লগতে একেদিনাই ফলাফল ঘোষণা কৰা হ’ব।

উল্লেখযোগ্য যে, সুদীৰ্ঘ ৯ বছৰৰ মুৰত গুৱাহাটী পৌৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে আৰু এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিৰ্বাচনত ইভিএম ব্যাৱহাৰ কৰা হৈছে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -