35 C
Guwahati
Friday, May 17, 2024

আপুনি জানেনে অমিতাৰ গুটিত কি কি উপকাৰিতা আছে ?

Must Read

স্বাস্থ্য সচেতন লোকসকলে দৈনন্দিন খাদ্যৰ তালিকাত প্ৰায়ে অমিতা অ্ন্তৰ্ভুক্ত কৰা দেখা যায়। কাৰণ অমিতাত আছে বহুতো গুণগত উপাদান। কিন্তু আমি সাধাৰণতে অমিতাহে খাওঁ আৰু ইয়াৰ গুটিবোৰ পেলাই দিওঁ। কাৰণ অমিতা গুটিত থকা স্বাস্থ্যজনিত উপকাৰিতাৰ বিষয়ে বহুতেই নাজানো। অমিতাৰ গুটিত প্ৰচুৰ পৰিমাণে ভিটামিন যেনে-ফছফৰাছ, মেগনেছিয়াম, কেলচিয়াম আদি প্ৰয়োজনীয় খনিজ পদাৰ্থ থাকে। ইয়াত ফ্লেভন’ইড প্ৰচুৰ পৰিমাণে থাকে, যিবোৰ হজম শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

  অমিতা বীজবোৰ কিয় খাব লাগে?

১)অমিতাৰ গুটিত প্ৰটিঅ’লাইটিক এনজাইম থাকে, যিয়ে শৰীৰত থকা বিভিন্ন ক্ষতিকাৰক বীজাণু ধ্বংস কৰে। তদুপৰি এই গুটিবোৰে শৰীৰক বেক্টেৰিয়াৰ আক্ৰমণৰ পৰাও ৰক্ষা কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ এই বীজ যথেষ্ট উপযোগী।

২)বিশেষজ্ঞসকলৰ মতে লিভাৰ চিৰ’ছিছ ৰোগীৰ ক্ষেত্ৰতো অমিতাৰ বীজ অতি উপযোগী।

৩) বাৰিষা মানে ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। ডেংগু জ্বৰ হোৱাৰ লগে লগে শৰীৰত মাইক্ৰ’বায়’টা কমিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত অমিতাৰ গুটি আৰু পাত নিয়মীয়াকৈ খালে মাইক্ৰ’বায়’টা স্বাভাৱিক অৱস্থালৈ আহে আৰু ৰোগীজন সোনকালে সুস্থ হৈ উঠে।

৪) ঋতুস্ৰাৱৰ সময়ত অসহ্যকৰ বিষ হয় নেকি? এনে সময়ত অমিতা গুটিৰ লগত মৌ মিহলাই খালে বিষৰ পৰা উপশম পোৱা যায়।

৫) অমিতা গুটিৰ লগত মৌ মিহলাই খালে হজম শক্তিশালী হয় আৰু পাচনতন্ত্ৰৰ সমস্যা থাকিলে এই ঘৰুৱা ঔষধ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণো সম্ভৱ হৈ পৰে।

কেনেকৈ খাব?

অমিতা খোৱাৰ আগতে এটা পাত্ৰত বীজবোৰ সংগ্ৰহ কৰি পেলাই নিদিয়াকৈ ৰ’দত শুকুৱাই ল’ব লাগে। পাছত এই গুটিখিনি পিহি এটা কাঁচৰ পাত্ৰত থৈ দিব পাৰে। যিকোনো চালাড বা স্মুদি বনাওঁতে এই পাউদাৰ ব্যৱহাৰ কৰিব পাৰে, যাৰ ফলত আপুনি পুষ্টিকৰ উপাদানখিনি সহজে পোৱাৰ লগেত তিতাও কম হয়।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -