সৰাপাতৰ বুকুৱেদি নামি আহিছে বসন্ত
বিহু অসমীয়া সংস্কৃতিৰ প্ৰাণ
বছৰৰ ভিন ভিন সময়ত ভিন ভিন ঋতুত অসমীয়াই তিনিটা বিহু পালন কৰে। এই তিনিটা হ’ল- ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু।
কৃষিৰ আৰম্ভণিতে অৰ্থাৎ চ’ত-ব’হাগ মাহত ৰঙালী বিহু, ৰোৱা ধানে ঠন ধৰি উঠাৰ সময়ত অৰ্থাৎ আহিন-কাতি মাহৰ সংক্রান্তিত কাতি বিহু আৰু খেতি চপাই সোণগুটিৰে ভঁৰাল উপচি পৰা সময়ত অৰ্থাৎ পুহ-মাঘৰ সংক্রান্তিত মাঘ বিহু পালন কৰা হয়।
ব’হাগ বিহু বা ৰঙালী বিহু তিনিওটা বিহুৰ ভিতৰত প্রধান। বসন্ত ঋতুত উদযাপিত এই বিহুত প্রকৃতিয়ে বৰণ সলায়। বসন্তৰ আগমনত প্রথমজাক বৰষুণ পৰাৰ লগে লগেই বসুমতী ঋতুমতী হয়, গছ-লতিকাত কুঁহিপাত ওলায়, প্রকৃতি ফুলে-ফলে জাতিষ্কাৰ হৈ পৰে।
প্রকৃতিৰ বিনন্দীয়া ৰূপত ডেকা-গাভৰুৰ মনত প্রেম-প্রীতিৰ ভাৱ জাগি উঠে; মন কমোৱা তুলাৰ দৰে দূৰ-দিগন্তলৈ উৰা মাৰে। জনবিশ্বাসমতে ডেকা- গাভৰুৱে মুকলি পথাৰত গৈ প্রেম-যৌৱনৰ গীতেৰে পুৰুষ স্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰীস্বৰূপা প্রকৃতিক উত্তেজিত কৰি বৰষুণৰ দ্বাৰা মিলন ঘটাই বসুমতী শস্যসম্ভৱা হোৱাৰ যি প্রক্রিয়া তাতেই ৰঙালী বিহুৰ উৎস আৰু তাৎপৰ্য নিহিত হৈ আছে।
ব’হাগ বিহুৰ লগত ৰং-তামাচা, নৃত্য-গীতৰ লগতে বহুতো ৰীতি-নীতি, লোকাচাৰ আৰু জনবিশ্বাস জড়িত হৈ আছে।
ব’হাগ বিহু বা ৰঙালী বিহু চ’তৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয়। চ’তৰ মাজমানৰ পৰাই বিহুৰ প্রস্তুতি চলে বাবে ইয়াক চ’তৰ বিহু নামেৰেও জনা যায়।