28 C
Guwahati
Sunday, April 28, 2024

আজি গৰু বিহু

Must Read

আজি গৰু বিহু

লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা
মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ বৰ গৰু’।
আজি গৰু বিহু। অসমীয়াৰ বাপোতি সাহোন ব’হাগ বিহুৰ পহিলা দিনটোত অৰ্থাৎ চ’তৰ সক্ৰান্তি দিনা গৰু বিহুৰ উদযাপন কৰা হ’য়। ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে গৰু বিহুৰ আনন্দ উছাহ। খেতিয়কৰ চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু।

আজিৰ দিনটোত গাঁৱৰ কৃষকসকলে তেওঁলোকৰ গাই জনী, হালৰ গৰুহাল, দামুৰীটোক নৈ বা জান-জুৰিৰ ঘাটলৈ নি নোৱাই ধুৱাই এই বিহু উদযাপন কৰে। দীঘলতি পাত, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খোৱাই ঘৰৰ গৰু কেইটাৰ দীৰ্ঘায়ু কামনা কৰে।

কেইবাখনো গাঁ‌ৱৰ ৰাইজে মিলা প্ৰীতিৰে গৰু ধুৱাই থকাৰ অৱস্থাত সৃষ্টি হ’য় অন্য এক পৰিৱেশ। গঞা ৰাইজৰ মাজত পৰলক্ষিত হয় সম্প্ৰীতিৰ এনাজৰী।

গৰু বিহু দিনা সন্ধিয়া গোহালিৰ গৰু কেইটাক নতুন পঘাৰে বান্ধি ম’হ- দাহৰ পৰা পৰিত্ৰাণ পাবলৈ জাগ দিয়া হ’য়। অৰ্থাৎ খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়া হ’য়।

অসমৰ ভালেকেইখন ঠাইত সন্ধিয়া গৰু গোহালিলৈ প্ৰবেশ কৰাৰ আগে আগে মাছৰ পানীৰে গৰুৰ ভৰি ধুওৱাৰ নিয়ম প্ৰচলিত আছে। জনবিশ্বাস মতে- এনে কৰিলে বছৰটোলৈ গৰুৰ খুড়াত কোনো ধৰণৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -