23 C
Guwahati
Tuesday, May 7, 2024

ৰৈ থকা অৱস্থাতে মাটিত ঢলি পৰি মৃত্যু আকোঁৱালি ল’লে এজন ব্যক্তিয়ে

Must Read

মৃত্যু যেন এতিয়া তেনেই সহজ। ইচ্ছা কৰিলেই মৃত্যু অহাৰ আগতে মৃত্যুক যেন মাতিব পাৰি তেনে এক অনুভৱ মনলৈ অহা হৈছে মানুহৰ।

বিশ্বনাথ নগৰত ঘটা এক ঘটনাই জোকাৰি গ’ল সমগ্ৰ বিশ্বনাথ জিলা । বিশ্বনাথৰ মাজমজিয়া তথা পুলিচ পইন্টৰ সমীপত প্ৰায় ষাঠি বছৰীয়া এজন লোকৰ মৃত্যুত হতভম্ব সকলো। এই ষাঠি বছৰীয়া বৃদ্ধ গৰাকী ৰৈ থকা অবস্থাত হঠাৎ মাটিত ঢলি পৰে আৰু ঘটনাস্থলীতে মৃত্যুক আকোঁৱালি লয়।

উল্লেখযোগ্য যে, বৰ্তমান লৈ লোকজনৰ বিষয়ে কোনো সম্ভেদ পোৱা নাই আৰক্ষীয়ে । পুলিচ পইন্টৰ সমীপত এই সমগ্ৰ ঘটনা প্ৰতক্ষ্য কৰিলে এগৰাকী যান বাহন আৰক্ষীৰ কনিষ্ঠবলে।

ইতিমধ্যে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমান লৈ লোকজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । লোকজনৰ প্ৰেচাৰ ষ্টৰ্ক হৈ এনেদৰে মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজ তথা আৰক্ষীয়ে ।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -