বিশ্বনাথত কুখ্যাত গড় চিকাৰীক গ্ৰেপ্তাৰ।
বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ হল কুখ্যাত গড় চিকাৰী ৰচিদুল হক ওৰফে মেৰু ওৰফে বাবু। বন বিভাগৰ মুৰৰ কামোৰণী হৈ পৰিছিল এই কুখ্যাত গড় চুৰটো। বহুতো গড় হত্যাৰ মাস্তাৰ মাইণ্ড আছিল ৰচিদুল হক। ২০১৮ চনৰ ৯ জুনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শীলডুবি পানপুৰ শিবিৰতত এই ৰচিদুল হকৰ নেতৃত্বতে হত্যা কৰা হৈছিল এটা গড়। ৰচিদলক বিচাৰি বহু বছৰ ধৰি জাল পাতি ৰাখিছিল বিশ্বনাথ জিলা বন বিভাগে। কিন্তু বাৰম্বাৰ চেষ্টা কৰিও ৰচিদুলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল বন বিভাগ কতৃপক্ষই । বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান বনাঞ্চলিক বিষয়াৰ নেতৃত্বত এটা অভিযানকাৰী দলে বিশ্বনাথৰ ভোজমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৰচিদুলক। এইফালে বন বিভাগৰ লোকে ৰচিদুলক গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে।