আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰতি বছৰে ৫ জুন তাৰিখে সমগ্ৰ বিশ্বত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱস পালনৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলাৰ লগতে সকলো মানুহে যাতে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰাখে।
এইবাৰ অৰ্থাৎ ২০২২বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল শ্লগান হৈছে, ‘Only One Earth’(একমাত্ৰ এখন পৃথিৱী)। বিশ্ব পৰিৱেশ দিৱসৰ থিম বা বিষয় প্ৰতিবছৰেই ভিন ভিন হয়।
১৯৭২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই প্ৰতিবছৰৰ ৫ জুনটো ‘বিশ্ব পৰিবেশ দিৱস’ হিচাপে ঘোষণা কৰিছিল। বিশ্বত প্ৰথমবাৰৰ বাবে বিশ্ব পৰিবেশ দিৱস উদযাপন হৈছিল ১৯৭৪ চনত।
পৰিৱেশ সংৰক্ষণ কৰাতো বৰ্তমান মানৱ জীৱনৰ বাবে অতিকৈ প্ৰয়োজনীয়। জনসংখ্যা বৃদ্ধি আৰু উদ্যোগীকৰণ আদিৰ বাবে জলবায়ুৰ লগতে প্ৰাকৃতিক পৰিৱেশৰ বিস্তৰ ক্ষতি সাধন হৈছে। ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত মধ্যপ্ৰদেশত ৬৯-৪৯ শতাংশ বনাঞ্চল আছে। অসমত বনাঞ্চলৰ পৰিমাণ ৩৪ শতাংশৰো অধিক যদিও ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে বনাঞ্চলৰ পৰিমাণ।
মানুহৰ একমাত্ৰ বাসভূমি এই পৃথিৱীত ক্ৰমে প্ৰবলতৰ হৈ উঠা পৰিৱেশজনিত সমস্যা, খাদ্যবস্তুৰ অপচয় আৰু লোকচান, নিৰ্বনিকৰণ, গোলকীয় উষ্ণতা বৃদ্ধি আদি সমস্যাবোৰ সমাধানক এই দিৱসৰ লক্ষ্য কৰি লোৱা হৈছে।