২২৫ টকাত দেশবাসীয়ে লাভ কৰিব কভিছিল্ড আৰু ক’ভাক্সিনৰ বুষ্টাৰ ড’জ
দেওবাৰৰ পৰা দেশত জ্যেষ্ঠ ব্যক্তিসকলক বুষ্টাৰ ড’জ দিয়া কাৰ্যসূচী আৰম্ভ হ’ব। এই কাৰ্যসূচী ব্যক্তিগত হাস্পতালত চলিব বুলি স্বাস্থ্য বিভাগে জনাইছে।
এই কাৰ্যসূচী আৰম্ভ হোৱাৰ ঠিক এদিন পূৰ্বে ক’ভিশ্বিল্ড আৰু ক’ভাক্সিনে নিজৰ বুষ্টাৰ ড’জৰ দাম অভাৱনীয় হাৰত কমোৱা পৰিলক্ষিত হৈছে।
প্ৰথম অৱস্থাত ক’ভিশ্বিল্ডৰ বুষ্টাৰ ড’জৰ দাম আছিল ৬০০ টকা আৰু এতিয়া এই দাম হ্ৰাস কৰি ২২৫ টকা কৰা হৈছে।
ইয়াৰ উপৰি ক’ভাক্সিনৰ ড’জো ২২৫ টকালৈ হ্ৰাস কৰা হৈছে। ইয়াৰ পূৰ্বে ক’ভাক্সিনৰ বুষ্টাৰ ড’জৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল ১২০০ টকা।
কেন্দ্ৰীয় চৰকাৰে ১০ এপ্ৰিলৰ পৰা ব্যক্তিগত কেন্দ্ৰসমূহত ১৮ বছৰৰ অধিক বয়সৰ সকলো লোকক কৰ’ণা ভেকচিনৰ সাৱধানতামূলক পালি অৰ্থাৎ এক বুষ্টাৰ ড’জ দিয়াৰ সিদ্ধান্ত লৈছে।
যিসকল লোকে ভেকচিনৰ দ্বিতীয়টো ড’জ লোৱাৰ ন মাহ অতিক্ৰম কৰিছে তেওঁলোক ইয়াৰ বাবে যোগ্য হ’ব।