১০ জুনৰ ভিতৰত অসম আৰক্ষীৰ বিভিন্ন পদত ১৬,০০০ যুৱকক নিয়োগ
ৰাজ্যিক আৰক্ষীয়ে কম সময়ৰ ভিতৰতে বিভিন্ন পদত ১ লাখতকৈও অধিক যুৱকক নিযুক্তি প্ৰদান কৰিব। ৬ এপ্ৰিলত অনুষ্ঠিত মেঘালয়ৰ এক অনুষ্ঠানত অংশ লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে।
“১০ মে’ৰ পৰা ১০ জুনৰ ভিতৰত আমি অসম আৰক্ষীৰ বিভিন্ন পদত ১৬,০০০ নতুন যুৱক নিয়োগ কৰিম। তাৰ পিছত, আমি তাৰিখ চূড়ান্ত কৰিম, আৰু এটা এটাকৈ, আমি অতি কম সময়ৰ ভিতৰত এক লাখ যুৱক-যুৱতী নিয়োগ কৰিম,” তেওঁ এইদৰে মন্তব্য কৰে।
উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে মে’ মাহৰ ভিতৰত এক লাখ নিবনুৱা যুৱক-যুৱতীক বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি কিমান দূৰ সফল হ’ব।