35 C
Guwahati
Friday, June 2, 2023

২৮ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ ৰাশিচক্ৰৰ ১২ টা ৰাশিৰ ভাগ্যফল

Must Read

মেষৰাশি- আপুনি এই সপ্তাহটোত যিকোনো ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰিলে উপকৃত হ’ব। প্ৰেমত মধ্যম। স্বাস্থ্যৰ দিশত দাঁতৰ বিষ আদি হ’ব পাৰে।

বৃষ ৰাশি- বৃষ ৰাশিৰ অধিকাৰী সকলে উক্ত সপ্তাহটোত কৰ্মক্ষেত্ৰত ভাল ফল লাভ কৰিব। প্ৰেমৰ দিশত উত্তম ফলদায়ক। স্বাস্থ্যৰ দিশত পেটজনীত ৰোগে আমনি কৰাৰ সম্ভাৱনা আছে।

মিথুন ৰাশি- আপোনাক এই সপ্তাহটোত অধিক ৰোমান্টিক হোৱা পৰিলক্ষিত হ’ব। ঘৰত কোনো মাংগলিক অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। স্বাস্থ্যৰ দিশত উচ্চ ৰক্তচাপ ৰোগত ভোগাৰ আশংকা দেখা যায়।

কৰ্কটৰাশি- কৰ্কটৰাশিৰ জাতক-জাতিকা সকলৰ বাবে এই সপ্তাহটো অতি শুভ হোৱা পৰিলক্ষিত হৈছে। কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফল লাভ কৰিবলৈ সক্ষম হ’ব। প্ৰেমৰ দিশত মধ্যমফলদায়ক। স্বাস্থ্যৰ দিশত যত্নবান হওঁক।

সিংহ ৰাশি– সিংহ ৰাশিৰ অধিপতি সকলে এই সপ্তাহটোত হঠাৎ কোনো সুখবৰ লাভ কৰিব। আপোনাক এই সপ্তাহটোত ভাগ্যই যথেষ্ট সহায় কৰিব। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ পৰা সন্মান লাভ কৰিবলৈ সক্ষম হ’ব। স্বাস্থ্যৰ দিশত মধ্যমফলদায়ক।

কন্যা ৰাশি- কন্যা ৰাশিৰ অধিকাৰী সকলে উক্ত সপ্তাহটোত কৰ্মক্ষেত্ৰত উচ্চ পদস্থ বিষয়া আৰু সহকৰ্মী সকলৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ’ব। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে মধুৰ সময় অতিবাহিত কৰিব পৰিব। স্বাস্থ্যৰ দিশত শুভ।

তুলাৰাশি- তুলা ৰাশিৰ অধিকাৰী সকলৰ উক্ত সপ্তাহটোত আয়তকৈ ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত চিকিৎসাজনীত কাৰণত খৰচ বৃদ্ধি হ’ব। প্ৰেমৰ দিশত মধ্যমফলদায়ক। ঘৰলৈ আত্মীয়ৰ আগমণ ঘটিব

বৃশ্চিক ৰাশি- আপুনি এই সপ্তাহটোত অধিক কষ্ট কৰিবলগীয়া হ’ব পাৰে। আপুনি যিটো বস্তু লাভ কৰে সেইটো আপুনি নিজৰ কষ্টৰ বলতহে লাভ কৰিব, ভাগ্যই আপোনাক সহায় নকৰিব এই সপ্তাহটোত। প্ৰেম-প্ৰীতিত বাধা। স্বাস্থ্যৰ দিশত যত্নবান হওঁক।

ধনুৰাশি- আপোনাৰ এই সপ্তাহটোত অৰ্থহানিৰ যুগ যদিও ব্যৱসায়ৰ দিশত শুভ হ’ব। ঘৰত আশা কৰা ধৰণে ফল লাভ কৰিব। প্ৰেমৰ দিশত উত্তম। স্বাস্থ্যৰ দিশত সৰু-সুৰা ব্যাধিয়ে কষ্ট দিব পাৰে।

মকৰ ৰাশি- এই সপ্তাহটোত আপোনাৰ মনটো চঞ্চল হৈ থকা পৰিলক্ষিত হ’ব। ব্যৱসায়ী সকলৰ শুভ। প্ৰেমৰ দিশত উত্তম ফলদায়ক। স্বাস্থ্যৰ দিশত মধ্যমফলদায়ক।

কুম্ভৰাশি- আপুনি এই সপ্তাহটোত বাক-বিতণ্ডাৰ পৰা আতৰি থাকিব। শিল্পী সাহিত্যিকৰ শুভ। প্ৰেমৰ দিশত সফলতা লাভৰ যুগ। স্বাস্থ্যৰ দিশত যত্নবান হওঁক।

মীন ৰাশি– এই সপ্তাহটোত আপুনি আৰ্থিক সাহায্য লাভ কৰিব। এলাহ ত্যাগ কৰি কৰ্ম সম্পাদন কৰিলে উপকৃত হ’ব। প্ৰেমৰ দিশত সিদ্ধি লাভ কৰিব তথা বিবাহৰ পথ প্ৰশস্ত হ’ব। স্বাস্থ্যৰ দিশত পেটজনীত ৰোগে আমনি কৰাৰ সম্ভাৱনা আছে।

By Prity Rekha Sharma

- Advertisement -
- Advertisement -

Latest News

Twitter suspends ANI Twitter account: The news agency has around 7.6 million followers

Twitter suspends ANI Twitter account:  Twitter has suspended the handle of one of India's largest news agencies ANI, because...
- Advertisement -

More Articles Like This

- Advertisement -