25 C
Guwahati
Monday, April 22, 2024

গুৱাহাটী বিমান বন্দৰত বিমানৰ ভিতৰতে স্মৃতি ইৰানী আৰু কংগ্ৰেছ নেত্ৰীৰ মাজত মূল্য বৃদ্ধিক লৈ যুক্তি তৰ্ক

Must Read

গুৱাহাটী বিমান বন্দৰত বিমানৰ ভিতৰতে স্মৃতি ইৰানী আৰু কংগ্ৰেছ নেত্ৰীৰ মাজত মূল্য বৃদ্ধিক লৈ যুক্তি তৰ্ক

বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী আৰু কংগ্ৰেছৰ এগৰাকী নেত্ৰীয়ে বিমানৰ বিতৰতে মূল্য বৃদ্ধিক লৈ যুক্তি তৰ্কত লিপ্ত হয়। গুৱাহাটী বিমান বন্দৰত আহি উপস্থিত হোৱাৰ সময়তে বিমানৰ ভিতৰত মূল্যবৃদ্ধিৰ ওপৰত প্ৰশ্ন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

দিল্লীৰ পৰা গুৱাহাটী আহি উপস্থিত হৈছিল বিমানখন। বিমানখনে অৱতৰণ কৰাৰ পাছতে বিমানৰ ভিতৰত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে পেট্ৰ’ৰ মূল্য বৃদ্ধি আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈ প্ৰশ্ন কৰে।

লাইভ ভিডিঅ কৰি ৰাখে কংগ্ৰেছ নেত্ৰী নীতা ডি’ছুজাই। নীতা ডি’ছুজা কংগ্ৰেছৰ মহিলা শাখাৰ কাৰ্যবাহক অধ্যক্ষ। একেখন বিমানতে দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছিল দুয়ো নেত্ৰী।

যেতিয়া নামিবলৈ ধৰে যাত্ৰী সকল, তেতিয়াই নীতা ডি’ছুজাই কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীক মূল্য বৃদ্ধিৰ ওপৰত প্ৰশ্ন কৰিবলৈ ধৰে। স্মৃতি ইৰানীয়েও নিজৰ মন্তব্য দাঙি ধৰে।

মূল্য বৃদ্ধিৰ সলনি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰণাৰ ভেকচিন, ৰেচন সামগ্ৰীৰ মন্তব্যৰে নিজৰ প্ৰতিপক্ষ ৰাখে।

দুয়ো নেত্ৰীয়ে বিষয়টোৰ ওপৰত যুক্তি তৰ্ক দাঙি ধৰে। নীতা ডি’ছুজাই সেই সময়তে দৃশ্যৰ ভিডিঅ টুইটাৰত আপলোড কৰাৰ পাছতে ভাইৰেল হৈ পৰে। বহু লোকে নিজৰ নিজৰ মন্তব্য দাঙি ধৰে এই দৃশ্য় তথা মূল্য বৃদ্ধিৰ ওপৰত।

 

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -