22 C
Guwahati
Thursday, December 7, 2023

জুবিন আৰু নিকিতাৰ বিয়াৰ প্ৰস্তুতি

Must Read

জুবিন আৰু নিকিতাৰ বিয়াৰ প্ৰস্তুতি

এজন জনপ্ৰিয় কণ্ঠশিল্পী আন এগৰাকী হ’ল জনপ্ৰিয় অভিনেত্ৰী

জুবিনৰ সৈতে বিয়াত বহিব নিকিতা

দুয়োকে একেলগে দেখা গ’ল বিলাসী হোটেলত

 

এইবাৰ বলীউডৰ দুজন তাৰকা জুবিন আৰু নিকিতাৰ বিয়া। বলিউডত মাজে মাজে বিভিন্ন তাৰকাৰ প্ৰেমৰ উৰা বাতৰি ওলায়। পিছে এইবাৰ বলিউদৰ প্ৰখ্যাত কণ্ঠশিল্পী জুবিন নাটিয়ালে নিজেই ক’লে তেওঁলোক দুয়োৰে বিয়াৰ বিষয়ে।

এক আগশাৰী সংবাদ মাধ্যমৰ সৈতে হোৱা এক শেহতীয়া সাক্ষাৎকাৰৰ তথ্য অনুসৰি জুবিনে এই সন্দৰ্ভত বিশেষ একো কোৱা নাই যদিও বলীউড জগতখনত এতিয়া এই খবৰে সকলোকে চমকিত কৰি তুলিছে।

চ’নী টিভিত সম্প্ৰচাৰিত হোৱা ‘এক দুজে কে বাস্তে’ ধাৰাবাহিক খনত জুবিনে কণ্ঠ নিগৰাইছিল, য’ত তেওঁৰ বৰ্তমানৰ প্ৰেয়সী নিকিতা দত্তই মূল চৰিত্ৰত অভিনয় কৰিছিল। শেহতীয়াকৈ নিকিতাক বলীউডৰ ‘কবীৰ সিং’ ত ছাহিদ কাপুৰৰ বিপৰীতে দেখা পোৱা গৈছিল। তাৰ পিছৰ পৰাই তেওঁলোক দুগৰাকীৰ মাজত বাৰ্তালাপ হৈছিল। তেওঁলোকৰ সম্পৰ্ক ক্ৰমাৎ শক্তিশালী হৈ পৰিছিল। জুবিন আৰু নিকিতাক শেহতীয়াকৈ এখন কেফেত একেলগে দেখা গৈছিল আৰু ছবিখন পাপাৰাজীয়ে বন্দী কৰিছিল। ফটোখন সামাজিক মাধ্যমত বন্দী হোৱাৰ পিছৰে পৰাই এই দুই তাৰকাক লৈ গোটেই বলিউদত চৰ্চা চলি আছে।

জানিব পৰা অনুসৰি তেওঁলোকে ইতিমধ্যে বিয়াৰ বাবে প্ৰস্তুতি প্ৰায় আৰম্ভ কৰিছে।

কিন্তু পৰৱৰ্তী সময়তহে ইয়াৰ সত্যতা প্ৰমাণিত হ’ব।

- Advertisement -
- Advertisement -

Latest News

Pioneering achievement: First female medical officer at World’s highest battlefield

Captain Geetika Koul successfully finished the challenging induction training at the prestigious Siachen Battle School.
- Advertisement -

More Articles Like This

- Advertisement -