27 C
Guwahati
Friday, June 9, 2023

অমৃতসৰৰ বিএছএফ কেম্পত গুলীচালনা ঘটনাত ৫ জোৱান নিহত

Must Read

অমৃতসৰৰ বিএছএফ কেম্পত গুলীচালনা ঘটনাত ৫ জোৱান নিহত

এটা আচৰিত ঘটনা। অমৃতসৰৰ খাছা শিবিৰত এজন বিএছএফ জোৱানে ৪ জন সহকৰ্মীক গুলীয়াই হত্যা কৰে। দেওবাৰে পুৱা পঞ্জাৱৰ অমৃতসৰৰ বিএছএফৰ এটা কেম্পত এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। ঘটনাত নিহত গুলীচালনা কৰা কণিষ্টবলসহ প্ৰায় পাঁচজন বিএছএফ জোৱান। লগতে এজন গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয়।

উল্লেখ্য যে, এই ঘটনাত আহত ৬ জনৰ ভিতৰত কেপ্তেইন সতেপ্পাকে ধৰি ৫ জনে প্ৰাণ হেৰুৱায়। ইফালে আহত জোৱান জনক অতি সংকটজনক অৱস্থাত গুৰু নানক দেৱ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

বিএছএফৰ মহাপৰিদৰ্শক হিচাপে দায়িত্ব গ্ৰহণ কৰা আচিফ জালালে সাংবাদিকৰ আগত এই ঘটনা কোনো শত্ৰুতা বা কৰ্তব্য সম্পৰ্কীয় বিষয় বুলি অস্বীকাৰ কৰে। এই ঘটনাৰ সূত্ৰপাত কেনেকৈ হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। তথ্যবোৰ নিৰ্ণয় কৰিবলৈ এখন তদন্ত আদালতৰ নিৰ্দেশ দিয়া হৈছে।

 

- Advertisement -
- Advertisement -

Latest News

Twitter suspends ANI Twitter account: The news agency has around 7.6 million followers

Twitter suspends ANI Twitter account:  Twitter has suspended the handle of one of India's largest news agencies ANI, because...
- Advertisement -

More Articles Like This

- Advertisement -