23 C
Guwahati
Saturday, April 20, 2024

এপ্ৰিল মাহৰ ৪ তাৰিখৰ পৰা ১১ তাৰিখলৈ সপ্তাহটোৰ আপোনাৰ ৰাশিৰ ভাগ্যফল

Must Read

এপ্ৰিল মাহৰ ৪ তাৰিখৰ পৰা ১১ তাৰিখলৈ সপ্তাহটোৰ আপোনাৰ ৰাশিৰ ভাগ্যফল

ৰাশি চক্ৰৰ ১২ টা ৰাশিৰ ভাগ্যফল

মেষ ৰাশি- মেষ ৰাশিৰ জাতক-জাতিকাসকলে উক্ত সপ্তাহটোত শৰীৰিকভাৱে সামান্য কষ্ট পাব পাৰে। আনহাতে কোনো কাৰণত মানসিক অশান্তিও আহিব পাৰে। পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ । আর্থিক, বাণিজ্য আৰু কৰ্মত গতানুগতিকতা অব্যাহত থাকিব।

বৃষৰাশি – বৃষ ৰাশিৰ অধিকাৰী সকলৰ এই সপ্তাহটোত শৰীৰিক দিশত সুস্থ থাকিব, শিক্ষার্থীৰ উচ্চ শিক্ষাত বাধাৰ যুগ দেখা যায়। ৰাজনীতিৰ লগত জড়িত সকল, সাহিত্যিক, শিল্পীৰ শুভ। প্রেম আৰু পাৰিবাৰিক দিশত মংগলবাচক।

মিথুনৰাশি – মিথুন ৰাশিৰ অধিপতি সকলৰ এই সপ্তাহটোত শুভ যদিও কিছু সাৱধানতা অৱলম্বন কৰিলে উপকৃত হ’ব। প্ৰেম আৰু পাৰিবাৰিকত দিশতো শুভফলদায়ক। আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতে লাভৰ যোগ দেখা যায়।

কৰ্কটৰাশি – কৰ্কট ৰাশি লোকসকলৰ এই সপ্তাহটোত স্বাস্থ্যৰ ক্ষেত্ৰত অৰ্থাৎ যান-বাহনৰ ব্যৱহাৰ কৰিলে সাৱধানতা অৱলম্বন কৰা উচিত। প্ৰেম আৰু পাৰিবাৰিকত মনোমালিন্য হ’ব পাৰে। শিক্ষার্থী, শিল্পী, সাহিত্যিকৰ ঘৰুৱা অশান্তিৰ বাবে কৰ্মত বাধা আহিব।

সিংহ ৰাশি – সিংহ ৰাশিৰ অধিকাৰী সকলৰ এই সপ্তাহটোত কোনো কাৰণবশতঃ মনৰ অশান্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিদ্যার্থী, শিল্পীসকলৰ সফলতা লাভৰ যুগ।

কন্যা ৰাশি – কন্যা ৰাশিৰ উক্ত সপ্তাহটোত শাৰীৰিক, মানসিক দিশত শুভ যদিও মাজে-সময়ে হতাশা আহিব। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ কষ্টৰ মাজত সফলতা পাব।

তুলাৰাশি – তুলা ৰাশিৰ অধিকাৰী সকলৰ উক্ত সপ্তাহটোত শৰীৰৰ কিছু অশান্তি থাকিব। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভফলদায়ক। শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলৰ সুনাম অৰ্জনৰ যুগ।

বৃশ্চিকৰাশি – বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে এই সপ্তাহটোত , স্বাস্থ্যৰ ক্ষেত্ৰত যত্নবান হওঁক। শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলে নিৰাশাৰ মাজতে নতুন পৰিকল্পনামতে আগবাঢ়িব পাৰিব। কর্ম, বাণিজ্য আৰু আর্থিক দিশত লাভৰ ইংগিত।

ধনুৰাশি – ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ উক্ত সপ্তাহটো ভাল বেয়াৰ মাজেৰে পাৰ হব। স্বাস্থ্য ভাল যদিও মাজে মাজে কিছু সমস্যাই দেখা দিব পাৰে। প্রেমৰ দিশত অধিক ৰোমান্টিক হোৱা পৰিলক্ষিত হ’ব।

মকৰ ৰাশি – মকৰ ৰাশিৰ অধিকাৰী সকলক উক্ত সপ্তাহটোত চঞ্চল হৈ থকা পৰিলক্ষিত হ’ব। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ মানসিক অশান্তি বৃদ্ধি পাব। প্রেমৰ দিশত খঙৰ বাবে কিছু সমস্যা হব পাৰে।

কুম্ভৰাশি – কুম্ভ ৰাশিৰ অধিকাৰী সকলৰ এই সপ্তাহটোত শুভফলদায়ক। শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলৰ সামান্য পৰিমাণে নিৰাশা বৃদ্ধি পাব। প্ৰেমৰ দিশত আপুনি প্ৰেমাস্পদৰ পৰা প্ৰতাৰিত হ’ব পাৰে।

মীনৰাশি – মীন ৰাশিৰ জাতক- জাতিকাসকলৰ এই সপ্তাহটোত শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে শুভ। আর্থিক দিশতো ব্যয়ৰ মাত্ৰা হ্ৰাস পাব। ৰাজনীতি আৰু সমাজকর্মীৰ সন্মান বৃদ্ধিৰ যোগ।

 

By Prity Rekha Sharma

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -