23 C
Guwahati
Saturday, April 20, 2024

অশোকাষ্টমী বা অশোক অষ্টমীৰ তাৎপৰ্য

Must Read

অশোকাষ্টমী বা অশোক অষ্টমীৰ তাৎপৰ্য

অশোক অষ্টমী চ’ত মাহৰ শুক্লা অষ্টমী তিথিত পালন কৰা এক ধৰ্মীয় উৎসৱ। এই দিনটোত মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মতিথি আৰু গংগাকে আদি কৰি পুণ্যতীৰ্থবোৰ সেইদিনা ব্ৰহ্মপুত্ৰত মিলিত হয় বুলি বিশ্বাস আছে। সেইদিনা ব্ৰহ্মপুত্ৰত স্নান আৰু তৰ্পণ কৰিলে অক্ষয় পুণ্য লাভ হয় বুলি বিশ্বাস কৰা হয়, সেয়ে এই তিথিৰ নাম অশোকাষ্টমী। এই দিনটোত ব্ৰহ্মপুত্ৰৰ পাৰৰ শিলঘাট, শুৱালকুছি, ডিব্ৰুগড় আদি ঠাইত স্নান কৰিবলৈ অগণন ভক্তৰ সমাবেশ ঘটে। গুৱাহাটীতো ব্ৰহ্মপুত্ৰৰ পাৰৰ ঘাটত এই তিথিত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়।

পৌৰাণিক আখ্যান অনুসৰি ব্ৰহ্মপুত্ৰই এবাৰ অশোক মুনিৰ আশ্ৰম বুৰাই পেলাইছিল। ব্ৰহ্মপুত্ৰৰ এনে কাৰ্যত মুনি খঙত অগ্নিশৰ্মা হৈ ব্ৰহ্মপুত্ৰক অপৱিত্ৰ হ’বলৈ অভিশাপ দিয়ে। কিন্তু ব্ৰহ্মপুত্ৰৰ কাতৰ মিনতিত মুনি সন্তুষ্টহৈ ক’লে যে ‘বছৰৰ এটা দিনত তই পৱিত্ৰ হৈ তীৰ্থৰ মৰ্যাদা লাভ কৰিবি”। অশোক মুনিৰ নামেৰে সেই দিনটোৱেই অশোকাষ্টমী বুলি জনা যায়। আন এক আখ্যান মতে পৰশুৰামে ব্ৰহ্মপুত্ৰক ব্ৰহ্মকুণ্ড বা মানস সৰোবৰৰ পৰা বোৱাই আনি কামাখ্যা ধাম পোৱাইছিলহি। পৰশুৰামে ব্ৰহ্মপুত্ৰক খন্তেক ৰ’বলৈ কৈ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যায়। কিন্তু মন্দিৰ দৰ্শন কৰি আহি দেখে যে ব্ৰহ্মপুত্ৰ বৈ গৈছে। এই কথাতে খঙত অগ্নিশৰ্মা হৈ পৰশুৰামে “তোৰ পাৰত কোনো তীৰ্থ নহ’ওক” বুলি অভিশাপ দিয়ে। পিছত ব্ৰহ্মপুত্ৰৰ অলেখ কাকূতি মিনতিত পৰশুৰামে ক’লে “বছৰৰ এটা দিন, চ’ত মাহৰ বাসন্তী অৰ্থাৎ অশোকাৰ (দুৰ্গা) অষ্টমী পূজাত তই বিশেষভাৱে তীৰ্থৰ মাহাত্ম্য লাভ কৰিবি। দেৱী অশোকাৰ নামেৰে এই তিথিৰ নাম অশোকাষ্টমী। অন্য এক জনশ্ৰুতি মতে এই দিনটোতে ৰামায়ণত দেৱী সীতাৰ জন্ম হৈছিল আৰু সেয়ে এই তিথিক সীতাষ্টমী নামেৰেও জনা যায়। প্ৰবাদ মতে এই দিনটোত গংগা নদীৰ পানী উজাই আহি ব্ৰহ্মপুত্ৰৰ পানী পৱিত্ৰ কৰে বুলি কোৱা হয়। এইদিনা ব্ৰহ্মপুত্ৰত স্নান কৰিলে গংগাস্নানৰ পুণ্য লাভ হয় বুলি বিশ্বাস আছে। আনহাতে কিছুমান ঠাইত মানুহে নদীত অস্থিভস্মও বিসৰ্জন দিয়ে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -