23 C
Guwahati
Saturday, April 20, 2024

প্ৰধানমন্ত্ৰীৰ পদ হেৰুৱালে ইমৰান খানে

Must Read

  • প্ৰধানমন্ত্ৰীৰ পদ হেৰুৱালে ইমৰান খানে

আনুষ্ঠানিকভাৱে, ইমৰান খান এতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰী নহয়। ৩ এপ্ৰিলৰ মাজনিশা কেন্দ্ৰীয় কেবিনেট সচিবালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা এক জাননী যোগে এই কথা ঘোষণা কৰা হৈছে। জাননীখনত স্পষ্টকৈ কোৱা হৈছে যে ইমৰান খান এতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰী নহয়।

পাকিস্তানক ৰাষ্ট্ৰীয় সাংসদ ভংগৰ কেইঘন্টামান পিছতেই প্ৰধানমন্ত্ৰী পদৰ পৰা অপসাৰিত হয় ইমৰান খান। উল্লেখ্য যে, দেওবাৰে আস্থা ভোটৰ সন্মুখীন হবলগীয়া হয় ইমৰান খান কিন্তু এই ভোটক কৌশলেৰে এৰাই চলে খানে। তাৰপাছতেই ইমৰান খানে সংসদ ভংগ কৰিবলৈ ৰাষ্ট্ৰপতি আৰিফ আলৱিক আহ্বান জনাই আৰু সেই মৰ্মে ৰাষ্ট্ৰপতিয়ে সংসদ ভংগ কৰি নিৰ্বাচন নতুনকৈ অনুষ্ঠিত কৰাৰ পোষকতা কৰে। ইয়াৰ ফলত আস্থা ভোটত পৰাজিত হবলগীয়া ইমৰান খান পৰৱৰ্তী তিনি মাহলৈ তদাৰকী প্ৰধানমন্ত্ৰী হৈ থকাৰ বাট মুকলি হয়। কিন্তু এই কথাৰ বিৰোধীতা কৰিছে বিৰোধী দল সমূহে।

উল্লেখ্য যে, উপাধ্যক্ষগৰাকীয়ে অনাস্থা প্ৰস্তাৱ নাকচ কৰাৰ পিছত বিৰোধীয়ে ইয়াক “অসাংবিধানিক” বুলি অভিহিত কৰে। আনহাতে, বিৰোধীয়ে দেওবাৰে ৰাষ্ট্ৰীয় সভা ভংগ কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ গৈছিল। ইয়াৰ পিছতে দেওবাৰে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে ৰাষ্ট্ৰীয় বিধানসভা ভংগ কৰাৰ ক্ষেত্ৰত বিৰোধীৰ আবেদনৰ শুনানি আৰম্ভ কৰে।

কেবিনেটৰ অতিৰিক্ত সচিবৰ দ্বাৰা স্বাক্ষৰিত জাননীখনত কোৱা হৈছে যে পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে সংসদ ভংগ কৰিছে। তাৰ পিছত, সংবিধানৰ কেইবাটাও অনুচ্ছেদৰ কথা উল্লেখ কৰা হৈছে আৰু কোৱা হৈছে যে এই মুহূৰ্তৰ পৰা ইমৰান আহমেদ খান নিয়াজী পাকিস্তানৰ প্ৰধানমন্ত্ৰী নহয়।
ইমৰান খানক পাকিস্তানৰ প্ৰধানমন্ত্ৰী ৰ পৰা অপসাৰণ কৰা হৈছে।
৯০ দিনৰ ভিতৰত পাকিস্তানত নিৰ্বাচন অনুষ্ঠিত হ’ব। সংখ্যাগৰিষ্ঠতাৰ বাবে 172 জন সদস্যৰ সমৰ্থনৰ প্ৰয়োজন। পাকিস্তানৰ কেবিনেট সচিবালয়ে তাৎক্ষণিক ভাৱে ইমৰান খানক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা আঁতৰাবলৈ এক জাননী জাৰি কৰিছে।

 

 

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -