18 C
Guwahati
Saturday, February 24, 2024

চাৰা আলী খানৰ আছে অসমৰ সৈতে সম্পৰ্ক

Must Read

বলিউডৰ প্ৰখ্যাত অভিনেতা শ্বেইফ আলী খানৰ কন্যা চাৰা আলী খানৰ আছে অসমৰ সৈতে সম্পৰ্ক। চাৰা আলী খানৰ দেহত বৈছে অসমীয়াৰ তেজ। এই কথা অৱগত হ’লে আপুনিও আৱেগিক হৈ পৰিব যে চাৰা আলী খান অৰ্ধেক অসমীয়া।

গুৱাহাটীলৈ আহিছিল চাৰা আলী খান। গুৱাহাটীৰ নাটিদূৰৈৰ মান্দাকাটাত এক ছবিৰ দৃশ্য গ্ৰহণৰ বাবে আহিছিল মোহময়ী অভিনেত্ৰী চাৰা আলী খান। কিন্তু চাৰাই জানেনে যে তেওঁৰ দেহত বৈছে অসমীয়াৰ তেজ। আপুনি নিশ্চিতভাৱে জানে এই চাৰা আলী খান কোন? ভাৰতবৰ্ষৰ খ্যাতনামা অভিনেতা শ্বেইফ আলী খানৰ কন্যাই হৈছে চাৰা আলী খান। চাৰা আলী খান যে অৰ্ধেক অসমীয়া সেই কথা জানিবলৈ আমি উভতি যাব লাগিব কিছু অতীতলৈ। আজিৰ পৰা কিছু বছৰ পূৰ্বে গুৱাহাটী ক্লাৱত থকা এটি কাঠৰ ঘৰ। এই ঘৰটোৰ নাম আছিল অভিৰাম ভৱন।

এই অভিৰাম ভৱন আছিল অসমৰ প্ৰখ্যাত সমাজ সংস্কাৰক গুণাভিৰাম বৰুৱাৰ ঘৰ। এই ঘৰতেই তেওঁ সপৰিয়ালে বাস কৰিছিল আৰু ইয়ালৈকে আহিছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু ইয়াত তেখেতে নৈশ যাপন কৰিছিল। এতিয়া জানো আঁহক উক্ত ঘৰটোৰ সৈতে চাৰা আলী খানৰ সম্পৰ্ক কি? আপোনালোকে নিশ্চয় জানে জ্ঞানদাভিৰাম বৰুৱাৰ কথা। জ্ঞানদাভিৰাম বৰুৱা আছিল প্ৰথমখন আইন মহাবিদ্যালয়ৰ আৰ ল’ কলেজৰ প্ৰথমজন অধ্যক্ষ, তেওঁৰেই কন্যাৰ নাম ইৰা বৰুৱা।

ইৰা বৰুৱাক বিয়া পাতিছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ বংশৰ গীতিন্দ্ৰনাথ ঠাকুৰে। গীতিন্দ্ৰনাথ আৰু ইৰা বৰুৱাৰ সন্তানৰ নাম হৈছে ভাৰতৰ প্ৰখ্যাত অভিনেত্ৰী শৰ্মিলা ঠাকুৰ। শৰ্মিলা ঠাকুৰৰ জন্ম হৈছিল ১৯৪৪ চনৰ ৮ ডিচেম্বৰত। পৰৱৰ্তী সময়ত শৰ্মিলা ঠাকুৰে নবাব পাটোদিৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু তেওঁৰ তিনিটি সন্তানৰ জন্ম হৈছিল। শ্বেইফ আলী খান, চাবা আলী খান আৰু চোহা আলী খান। জনপ্ৰিয় অভিনেতা শ্বেইফ আলী খানে বিয়া পাতিছিল অমৃতা সিঙক। শ্বেইফ আলী খান আৰু অমৃতাৰ কন্যাই হৈছে চাৰা আলী খান।

এতিয়া আপোনালোকে গম পালে যে শৰ্মিলা ঠাকুৰৰ দেহত আছে অসমীয়াৰ তেজ আৰু সেই অনুসাৰে তেওঁৰ পুত্ৰ শ্বেইফ আলী খান আৰু চাৰা আলী খানৰ দেহত বৈছে অসমীয়াৰ তেজ।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -