গীতাশ্ৰী তামুলী পেছাত এগৰাকী অধ্যাপিকা। গঠনমূলক ভাৱধাৰা, চিন্তা-চৰ্চাত ব্যস্ত থকা গীতাশ্ৰী তামুলী আছিল পূৰ্বে গোলাঘাটৰ কলেজত কৰ্মৰত। গোলাঘাটৰ টেঙানীত সেই সময়ত অখিল গগৈয়ে আৰম্ভ কৰিছিল ভূমি অধিকাৰ সংগ্ৰাম। কৃষকৰ ন্যায্য প্ৰাপ্তিৰ বাবে কৰা আন্দোলন সমগ্ৰ অসমতে বিয়পি পৰিছিল।
আনহাতে সেই সময়তে অখিল গগৈয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰজীৱন ত্যাগ কৰিছিল হে মাত্ৰ। জালুকবাৰীৰ মুকুতা মেছত থাকি তেওঁ সপোন দেখিছিল শ্ৰমজীৱী জনতাৰ পক্ষত কাম কৰাৰ। তেনে এজন কম বয়সীয়া যুৱকৰ প্ৰগতিশীল কাম কাজৰ প্ৰতি আকৃষ্ট হৈছিল গীতাশ্ৰী তামুলী। উল্লেখ যে গীতশ্ৰী তামুলীতকৈ প্ৰায় ৮ বছৰে সৰু আছিল অখিল গগৈ।

অখিল গগৈক উৎসাহিত কৰিবলৈ গীতাশ্ৰী তামুলীয়ে লিখিছিল প্ৰেৰণাদায়ক তথা সংগ্ৰামী অভিবাদনশীল চিঠি। লাহে লাহে দুয়োৰে মাজত অংকুৰিত হৈছিল প্ৰেমৰ বীজ, এসময়ত এই প্ৰেমে বিবাহৰ ৰূপ লৈছিল। বিয়াৰ পিছৰে পৰাই গীতাশ্ৰী তামুলীক সেন্দুৰ লবলৈ অখিল গগৈ বা তেওঁৰ পৰিয়ালৰ মানুহেও বাধ্য কৰোৱা নাছিল। প্ৰগতিশীল চেতনা সেন্দুৰতকৈও অধিক উজ্জ্বল হৈ জিলিকিছিল। সেন্দুৰ লোৱাৰ বাবে গীতাশ্ৰী তামুলীক কোনেও আপত্তি কৰা নাছিল। ডেৰ বছৰ কাৰাগাৰত থাকি ঘৰলৈ উভতি অহা অখিল গগৈৰ পত্নীৰ সেন্দুৰ হীন কপালত এচামৰ চকু পৰিল কিয়? হিন্দু নাৰীৰ পৰিচয় কৰ্ম তথা প্ৰতিভাৰ সলনি কেৱল সেন্দুৰত হে নেকি?