23 C
Guwahati
Saturday, April 20, 2024

শিক্ষাখণ্ডত আমূল পৰিবৰ্তন! একেসময়তে দুটা বিষয়ত স্নাতক, স্নাতকোত্তৰ পঢ়িব পাৰিব শিক্ষাৰ্থীয়ে,  UGC-এ কৰিলে ঘোষণা

Must Read

শিক্ষাখণ্ডত আমূল পৰিবৰ্তন! একেসময়তে দুটা বিষয়ত স্নাতক, স্নাতকোত্তৰ পঢ়িব পাৰিব শিক্ষাৰ্থীয়ে,  UGC-এ কৰিলে ঘোষণা

এতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰীসকলে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত দুটা বিষয়ত একে সময়তে পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব । বিশ্ববিদ্যালয় অনুদান আয়োগৰ মূৰব্বী এম জগদীশ কুমাৰে মঙলবাৰে উচ্চ শিক্ষাখণ্ডত এই নতুন নিয়মৰ কথা ঘোষণা কৰে। তেওঁ কয় যে, এসপ্তাহৰ পিছত এই নতুন ব্যৱস্থাৰ নিয়মাৱলী প্ৰকাশ কৰা হ’ব।

এই নতুন পদ্ধতিৰ যোগেদি এজন শিক্ষাৰ্থীয়ে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত যিকোনো দুটা শ্ৰেণীকোঠাত পাঠদানৰ পাঠ্যক্ৰম নতুবা অনলাইন অথবা দূৰত্ব শিক্ষাৰ (Distance Learning)  পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব। উদাহৰণ স্বৰূপে এজন শিক্ষাৰ্থীয়ে একে সময়তে গণিত আৰু তথ্য বিজ্ঞানৰ স্নাতকৰ পাঠ্যক্ৰম চলাই লৈ যাব পাৰিব। ই এক দ্বৈত ডিগ্ৰী প্ৰদান ব্যৱস্থা ।

প্ৰকৃতাৰ্থত ছাত্ৰ-ছাত্ৰী সকল এটা শ্ৰেণীকোঠাৰ পাঠ্যক্ৰম আৰু এটা অনলাইন পাঠ্যক্ৰম গ্ৰহণ কৰিলে উপকৃত হ’ব বুলিও মন্তব্য কৰে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ মূৰব্বী গৰাকীয়ে ।  অৱশ্যে এই ব্যৱস্থাৰ ৰূপায়ণ কোনো বিশ্ববিদ্যালয় বা মহাবিদ্যালয় কাৰণে বাধ্যতামূলক নহয়। আয়োগৰ নিয়মাৱলী বিশ্ববিদ্যালয় পৰিচালনা কমিটীয়ে অনুমোদন জনোৱাৰ পিছত সাধ্য অনুসাৰে এই ব্যৱস্থা প্ৰণয়ন কৰিলেই হ’ল।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -