28 C
Guwahati
Sunday, April 21, 2024

অসমত প্ৰথমবাৰৰ অনুষ্ঠিত কমনৱেল্থ পালিয়ামেন্টৰি এছচিয়েশ্যন কাৰ্যবাহী বৈঠকত অংশ ল’লে লোকসভাৰ অধ্যক্ষ ওম বিৰলা।

Must Read

অসমত প্ৰথমবাৰৰ অনুষ্ঠিত কমনৱেল্থ পালিয়ামেন্টৰি এছচিয়েশ্যন কাৰ্যবাহী বৈঠকত অংশ ল’লে লোকসভাৰ অধ্যক্ষ ওম বিৰলা।

প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত অনুষ্ঠিত হৈছে কমনৱেল্থ পালিয়ামেন্টৰি এছচিয়েশ্যন কাৰ্যবাহী কমিটিৰ বৈঠক। মধ্যকালীন এই বৈঠক ৯ এপ্ৰিলৰ পৰা শুভাৰম্ভ হৈছে। শনিবাৰে পুৱা অসম বিধান সভাত অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকে লোকসভাৰ অধ্যক্ষ ওম বিৰলা। শনিবাৰে পুৱাই অসম বিধানসভাৰ প্ৰাংগনত উপস্থিত হোৱা ওম বিৰলাক স্বাগতম জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৫৩খন দেশৰ প্ৰতিনিধিয়ে। ঢোল-পেপাঁৰ মাতেৰে লোকসভাৰ অধ্যক্ষক আদৰণি জনোৱা হয়।

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা কমনৱেল্থ পালিয়ামেন্টৰি এছচিয়েশ্যন কাৰ্যবাহী বৈঠকত ভাগ লৈ লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয়- ভাৰতৰ গণতান্ত্ৰিক মূল্য়বোধ আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সমৰ্থক সমগ্ৰ বিশ্বত সিচৰিত হৈ আছে। মই সুখী প্ৰকাশ কৰিছো যে, কমনৱেল্থ পালিয়ামেন্টৰি এছচিয়েশ্যন কাৰ্যবাহী বৈঠক প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হৈছে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে লগতে অসমৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ বিৱৰণো অনুষ্ঠানটিত দাঙি ধৰে ওম বিৰলাই।

কাৰ্যকৰী কমিটিৰ এই বৈঠকত ১২এপ্ৰিলত দিনৰ অন্ত পৰিব। বৈঠকৰ উপলক্ষে ৫ দিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ অহা লোকসভাৰ অধ্যক্ষগৰাকীৰ উপৰিও ৫৩খন দেশৰ প্ৰতিনিধি আহি গুৱাহাটীত উপস্থিত হয়। ৫৩খন দেশৰ প্ৰায় ১৮০গৰাকী প্ৰতিনিধিক উদ্দ্যেশি ওম বিৰলাই কয়- কমনৱেল্থ পালিয়ামেন্টৰি এছচিয়েশ্যনে সকলো কাম আলোচনাৰ মাধ্যমৰে কৰি আহিছে। গণতন্ত্ৰত বিশ্বাস ৰাখিয়েই সকলো একত্ৰিত হৈছে। বিশেষকৈ ভাৰতৰ গণতান্ত্ৰিক ব্য়ৱস্থাৰ প্ৰতি সকলো আকৰ্ষিত। বিশ্বৰ ভিতৰতে ভাৰতেই হৈছে সবাতোকৈ প্ৰাচীনতম গণতান্ত্ৰিক শাসন ব্যৱস্থা। প্ৰতিজন নাগৰিকৰ আচাৰ-ব্যৱহাৰত এই গণতান্ত্ৰিক মূল্যবোধৰ প্ৰকাশ পায়।

১২এপ্ৰিলত দুপৰীয়া এই সামৰণি অনুষ্ঠানত অংশ লৈ সন্ধিয়া ৬.৩০বজাত দিল্লীলৈ উভটিব লোকসভাৰ অধ্যক্ষগৰাকী। বৈঠকৰ সামৰণি অনুষ্ঠানত অংশ লব ৰাজ্যপাল জগদীশ মুখীয়ে। উল্লেখ্য যে শনিবাৰে এই অনুষ্ঠানৰ পাছতে মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা আন এক অনুষ্ঠানত অংশ লব লোকসভাৰ অধ্যক্ষগৰাকীয়ে।  বিশেষ এই অনুষ্ঠানটিৰ উপলক্ষে দিছপুৰ ক্লক টাৱাৰৰ চাৰিওফালে ৫৩খন দেশৰ পতাকাৰ লগতে সচিবালয়ৰ চাৰিওকাষ ফুলেৰে সজাই পৰাই তোলা হৈছে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -