33 C
Guwahati
Friday, April 12, 2024

আজি মুনিন বৰুৱাৰ স্মৃতি দিৱস

Must Read

আজি মুনিন বৰুৱাৰ স্মৃতি দিৱস

এগৰাকী জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ পৰিচালক হিচাবে অসমীয়া সাংস্কৃতিক জগতত এক পৰিচিত নাম। প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, নায়ক, দাগ আদি চলচ্চিত্ৰৰে দৰ্শকৰ মন জয় কৰা পৰিচালক মুনিন বৰুৱাৰ জন্ম হৈছিল ১৯৪৮ চনত। পোনপ্ৰথমে এগৰাকী চিত্ৰনাট্যকাৰ হিচাবে কথাছবি জগতত ভৰি দিয়া মুনিন বৰুৱাই বোৱাৰী, ঘৰ সংসাৰ, সোণ মইনা আদি কথাছবি সমূহৰ চিত্ৰনাট্যকাৰ হিচাবে চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰে।

১৯৮৭ চনত অভিনেতা নিপন গোস্বামীৰ সৈতে যুটীয়া ভাবে প্ৰতিমা কথাছবিখন পৰিচালনা কৰি পৰিচালক হিচাবে আত্মপ্ৰকাশ কৰে। পিতা-পুত্ৰ (১৯৮৮), পাহাৰী কন্যা (১৯৯০), প্ৰভাতী পখীৰ গান (১৯৯২) আদি সুস্থ বিনোদনধৰ্মী ছবিৰে দৰ্শকৰ মন জয় কৰে। অসমৰ মৃতপ্ৰায় কথাছবি জগতখনক পুনৰ ঠন ধৰি উঠাত মুনিন বৰুৱাৰ অৱদান অপৰিসীম। ২০০০ চনত তেখেতৰ হিয়া দিয়া নিয়া কথাছবি খনৰ যোগেদি অসমীয়া চলচ্চিত্ৰ জগতখন পুনৰায় ঠন ধৰি উঠিছিল। এই চলচ্চিত্ৰখন অসমীয়া কথাছবি জগতৰ সৰ্বকালৰ এখন জনপ্ৰিয় কথাছবি হিচাবে পৰিচিত। তাৰ পাছতে দাগ, নায়ক, কন্যাদান, বিধাতা, বাৰুদ, ৰং, দীনবন্ধু, ৰামধেনু আদি কথাছবিৰে জনপ্ৰিয়তা অৰ্জন কৰে। ২০১৭ চনত তেখেতৰ পৰিচালিত অন্তিমখন ছবি প্ৰিয়াৰ প্ৰিয়ই মুক্তি লাভ কৰে।

উল্লেখযোগ্য যে, দীনবন্ধু কথাছবিখন ২০০৫ চনৰ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ কথাছবিৰ সন্মান অৰ্জা বোলছবি। তেওঁ সকলোৱে ভাইমন দা নামেৰেহে চিনি পাইছিল। দুটা দশকত তেওঁ প্ৰায় ৯০খন জনপ্ৰিয় নাটক ৰচনা কৰিছে। তেওঁ অসমীয়া চি ডি ছবিৰ অটাইতকৈ নিৰ্ভৰযোগ্য চিত্ৰনাট্য লেখক।
২০১৮ চনৰ ৭ এপ্ৰিল তাৰিখে নিশা ১:৫৫ মিনিটত চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱাই নিজ বাসভৱনত ইহ-সংসাৰ ত্যাগ কৰে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -