23 C
Guwahati
Thursday, March 28, 2024

মীন নিগমৰ ২১৭ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ নিৰ্দেশ

Must Read

মীন নিগমৰ ২১৭ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ নিৰ্দেশ। ২০২০-২১ বৰ্ষত সংঘটিত হৈছিল ভয়াৱহ নিযুক্তি কেলেংকাৰী। ২১৭ গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে অবৈধভাৱে চাকৰি লোৱাৰ অভিযোগ।

চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ছৈয়দিন আব্বাছীৰ নেতৃত্বত ৩ জনীয়া উচ্চ ক্ষমতা সম্পন্ন তদন্ত কমিটিৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই বিয়াগোম নিযুক্তি কেলেংকাৰী। কোনো ধৰণৰ পৰীক্ষা, সাৎক্ষ্যাকাৰ অনুষ্ঠিত নকৰাকৈয়ে নিযুক্তি দিয়া হৈছিল ২১৭ গৰাকী কৰ্মচাৰীক। কনিষ্ঠ সহায়ক, গাণনিক সহায়ক, প্ৰকল্প অভিযন্তা, সহকাৰী প্ৰকল্প প্ৰবন্ধক আদি বিভিন্ন পদত চাকৰি কৰি আছে এই সকল বিষয়াই ।

অবৈধভাৱে নিযুক্তি লোৱা ২১৭ গৰাকী কৰ্মচাৰীৰ চাকৰি হেৰুওৱাটো প্ৰায় নিশ্চিত। উল্লেখযোগ্য যে বিধায়ক ৰমাকান্ত দেউৰী অধক্ষ্য হিচাপে আৰু এন চি বসুমতাৰী, অনুৰাধা অধিকাৰী শৰ্মা পৰিচালন সঞ্চালক হিচাপে থকা সময়তে মীন নিগমত ভয়াৱহ নিযুক্তি কেলেংকাৰী সংঘটিত হৈছিল।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -