27 C
Guwahati
Thursday, September 21, 2023

মনত অত্যন্ত সাহস আৰু বিশ্বাস লৈ চাইকেলৰে ভাৰত ভ্ৰমন এজন যুৱকৰ

Must Read

মনত অত্যন্ত সাহস আৰু বিশ্বাস লৈ চাইকেলৰে ভাৰত ভ্ৰমন এজন যুৱকৰ। সুদীৰ্ঘ সাত মাহৰ অন্তত উপস্হিত হল নিজ গৃহ চহৰ বিশ্বনাথত । এইগৰাকী দুঃসাহসী চাইকেল আৰোহী হৈছে ৰুবু কোচ। মাত্ৰ চাইকেলখনকেই একমাত্ৰ সাৰথি কৰি এক দুসাহসী যাত্ৰা সমাপ্ত কৰি সাত মাহৰ অন্তত বিশ্বনাথত উপস্হিত হোৱা যুৱক জনক অভিনন্দন জ্ঞাপন কৰিছে আছুৰ লগতে বিশ্বনাথবাসীয়ে। উল্লেখ্য যে যোৱা ১ জানুৱাৰীত বিশ্বনাথৰ পৰা গড়েহাগী গাৱৰ পৰা তিনিজন যুৱকে পৰিবেশ ৰক্ষাৰ সজাগতাৰ বাবে চাইকেল লৈ যাত্ৰা আৰম্ভ কৰিছিল সমগ্ৰ দেশত। বিশ্বনাথৰ পৰা তিনিজন যুৱকে যাত্ৰা আৰম্ভ কৰিয়ে প্ৰথমতে উপস্হিত হৈছিল কন্যাকুমাৰী।কন্যাকুমাৰীত উপস্হিত হৈয়ে তিনিজন যুৱকৰ ভিতৰত দুজন যুৱক এই যাত্ৰাত সফল হব নোৱাৰি উভতি পুনৰ নিজ গৃহত উভতি আহে। কিন্তু মনত অদম্য সাহসৰে ৰুবু কোঁছ নামৰ যুৱক জনে একক ভাবে পুনৰ নিজ চাইকৰলখনকে সাৰথি কৰি কন্যাকুমাৰীৰ পৰা যাত্ৰা কৰিলে গোৱা।গোৱাৰ পৰা ৰাজস্থান,পুনৰ ৰাজস্থানৰ পৰা হিমাচল প্ৰদেশ, এনেকৈয়ে সুদীৰ্ঘ সাত মাহৰ অন্তত ভ্ৰমণ শেষ কৰি বৃহস্পতিবাৰে উপস্থিত হল নিজ গৃহ চহৰত। ৰুবুৰ এই সাফল্যই বিশ্বনাথবাসীৰ লগতে সমগ্ৰ ৰাজ্যকে গৌৰাম্বিত কৰিছে।

- Advertisement -
- Advertisement -

Latest News

Manipuri Film Actor Soma Laishram bans from acting in film and attending social function for 3 years

KANGLEIPAK KANBA LUP (KKL) Banned Soma Laishram from Acting in Films and Social function for three years for participating...
- Advertisement -

More Articles Like This

- Advertisement -