দৰমহাৰ টকাৰে পেট নভৰা ৩ চৰকাৰী কৰ্মচাৰী!

ৰাজ্যত অব্যাহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এদিনতে ৩ ঘোচখোৰ চৰকাৰী কৰ্মচাৰী গ্ৰেপ্তাৰ

ঘোচ লৈ থকাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ নগাঁৱৰ কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলক। ভূমি বিক্ৰীৰ অনুমতি প্ৰদানৰ নামত ঘোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ লাট মণ্ডল প্ৰাঞ্জল বৰাক।

ইফালে একেদিনাই ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান চলিল খানাপাৰাস্থিত সমবায় ভৱনতো। পেঞ্চন ফাইল নিষ্পত্তিৰ বাবে ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক বিদ্যাধৰ দাস।

গোৱালপাৰাতো হাতে-লোটে গ্ৰেপ্তাৰ এগৰাকী প্ৰাথমিক শিক্ষা বিষয়া। ব্যক্তিগত বেংক লোনৰ বাবে নথিপত্ৰত স্বাক্ষৰ কৰাৰ বাবদ ধন লৈ গ্ৰেপ্তাৰ প্ৰাথমিক শিক্ষা বিষয়া বজৰুল বসিত সৰকাৰ।