28 C
Guwahati
Saturday, April 20, 2024

Starlink Satellite: নামনি অসমৰ আকাশত তৰাৰ চলন্ত ৰে’ল…ছচিয়েল মিডিয়াত ভাইৰেল ফটো, পিছে সেয়া আছিল ষ্টাৰলিংক ছেটেলাইট, আচলতে কি এই Starlink Satellite?

Starlink Satellite Internet Service: ষ্টাৰলিংক ৫৪খন দেশত ছেটেলাইট ইণ্টাৰনেটৰ সুবিধা প্ৰদান কৰে। SpaceX-এ ২০১৯ত ষ্টাৰলিংক ছেটেলাইট উৎক্ষেপণ কৰিবলৈ আৰম্ভ কৰিছিল।

Must Read

Starlink Satellite Internet Service: আকাশত তৰাৰ চলন্ত ৰে’ল…আপুনি ক’ব এয়া কি মুৰ্খামী, কিন্তু এনেকুৱাও কেতিয়াবা হয়।

Starlink Satellite

কিন্তু মঙলবাৰে নিশা নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আকাশত দেখিবলৈ পোৱা গ’ল তৰাৰ লানি নিচিগা শাৰী।

এটা ক্ৰমত থকা এই তৰাৰ শাৰী ফৰকাল বতৰ হোৱা বাবে বিভিন্নজনে দেখা পায়। তাৰ পিছতে ভাইৰেল হৈ পৰে তৰাৰ চলন্ত ৰে’লৰ ফটো। বিভিন্নজনে ফটো শ্বেয়াৰ কৰি এই তৰাৰ শাৰীৰ (Social Media Viral Photo) ওপৰত বিভিন্নধৰণৰ মন্তব্য প্ৰদান কৰে।

আচলতে কালিৰ আকাশত দেখিবলৈ পোৱা তৰাৰ এই চলন্ত ৰে’ল হৈছে Starlink Satellite। কালি সন্ধিয়া নামনি অসমৰ বৰপেটা, নলবাৰী, বাক্সা, কামৰূপৰ লগতে বিভিন্ন প্ৰান্তৰ আকাশত এই দৃশ্য দেখি ৰাইজৰ মাজত কৌতুহল সৃষ্টি হৈছিল।

আগতে এনে দৃশ্য নেদেখা অসমৰ ৰাইজে এই দৃশ্য দেখি এই কৃত্ৰিম উপগ্ৰহমণ্ডলীক (Starlink Satellite) অন্য কিবা বুলিয়েই সন্দেহ কৰিছিল ৰাইজে।

পিছে জানেনে কালি নিশা আকাশত দেখা পোৱা এই তৰাৰ লানী কি আছিল? সেয়া আছিল Starlink Satellite। দৰাচলতে, এয়া বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কৰ (Elon Musk)ৰ Starlink Satellite হয়। আহক জানো আচলতে এই ষ্টাৰলিংক ছেটেলাইট কি আৰু কেনেদৰে কাম কৰে।

ছেটেলাইটৰ সৈতে চিধা ইণ্টাৰনেট (Starlink Satellite)

আপোনাৰ ফোনৰ ইণ্টাৰনেট ক’ৰ পৰা আহে? আপুনি ক’ব আপুনি এটা টেলিকম অপাৰেটৰৰ সেৱা লয় থৈছে। সেই টেলিকম অপাৰেটৰৰ ঠায়ে-ঠায়ে টাৱাৰ স্থাপন হৈ আছে, য’ৰ পৰা আপুনি নেটৱৰ্ক পায়। যি স্থানত টাৱাৰছ নাথাকে বা দূৰত থাকে, তাত নেটৱৰ্ক কম আহে। যেনে-জংঘল ইত্যাদি।

এতিয়া যদি এনেকুৱা হয় টাৱাৰৰ বিপৰীতে আপুনি চিধা ছেটেলাইটৰ পৰা ইণ্টাৰনেট পায়। যদি এনেকুৱা হয়, তেন্তে জংঘলে হওক বেছমেণ্টে হওক, কেতিয়াও ইণ্টাৰনেটৰ স্পীড কম নহ’ব। ষ্টাৰলিংকে এনেকুৱাই সেৱা প্ৰদান কৰে।

ষ্টাৰলিংক হৈছে SPACE-X নামৰ প্ৰকল্পটোৰ অধীনত সৃষ্টি কৰা এক কৃত্ৰিম উপগ্ৰহমণ্ডলী (Starlink Satellite)। বৰ্তমান বিশ্বত ৫৪ খন দেশৰ ১.৫ মিলিয়ন গ্ৰাহকে এই সেৱা লাভ কৰি আছে।

২০১৫ বৰ্ষতেই এই প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল আৰু ২০১৮ চনত প্ৰথমবাৰৰ বাবে স্পেচ-এক্সৰ কক্ষপথত প্ৰথমটো উপগ্ৰহৰ সফল স্থাপন সম্পন্ন কৰা হৈছিল। ইয়াৰ পাছতেই ২০২১ চনলৈকে প্ৰায় ১০০০ কৃত্ৰিম উপগ্ৰহ মহাকাশত স্থাপন কৰা হৈছে।

শেহতীয়াকৈ ইন্টাৰনেটৰ খবৰ অনুসৰি সৰ্বমুঠ ৪,০০০ টা উপগ্ৰহ ইয়াৰ কক্ষপথত স্থাপন কৰা হৈছে।

প্ৰতি দুমাহত ৰকেটেৰে মহাকাশত এৰি দিয়া হয় ছেটেলাইট (Starlink Satellite)

SPACE-Xয়ে নিজৰ Falcon 9 ৰকেটেৰে প্ৰতি দুইমাহত মহাকাশত ষ্টাৰলিংক ছেটেলাইট প্ৰেৰণ কৰে। এইটো দুটা ষ্টেজত সম্পূৰ্ণ হয়। প্ৰথমটো ষ্টেজ ৯ মাহৰ পিছত পৃথিৱীলৈ ঘূৰি আহে। আনহাতে, আনটো ষ্টেজ ছেটেলাইটক পৃথিৱীৰ তলৰ কক্ষত স্থাপন কৰে। এই ছেটেলাইট পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। এই ছেটেলাইট পৃথিৱীৰ পৰা ৫৫০ৰ পৰা ৫৭০ কিলোমিটাৰ উচ্চতাত থাকে।

নিশা তৰাৰ দৰে কিয় জিলিকে এই ছেটেলাইট (Starlink Satellite)

ষ্টাৰলিংক ছেটেলাইট পৃথিৱীৰ পৰা যথেষ্ট উচ্চতাত থাকে। এনে পৰিস্থিতিত পৃথিৱীৰ আনটো ফালৰ পৰা সূৰ্যৰ পোহৰ পৰে। যাৰ বাবে নিশা তৰাৰ দৰে জিলিকা দেখা পোৱা যায়।

২০২২তো উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ বহু স্থানত এই চলন্ত তৰাৰ ৰে’ল দেখা পোৱা গৈছিল। কিছুমানে এই দৃশ্য দেখি এলিয়েনৰ বিমান UFO বুলি ভাবিছিল।

Photo: Batori24

লগতে পঢ়কঃ Sanjukta Dutta Cannes: কাঁ চলচ্চিত্র মহোৎসৱত পুনৰ উজলিল ডিজাইনাৰ সংযুক্তা দত্তৰ পাট কাপোৰ; ৰেড কাৰ্পেটত বিশ্বৰ ২ গৰাকী শ্ৰেষ্ঠ মডেলে পৰিধান কৰিলে ডিজাইনাৰগৰাকীৰ এই ৰেচম কাপোৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -