33 C
Guwahati
Thursday, April 25, 2024

Vande Bharat Express: অসমৰ প্ৰথমখন “বন্দে ভাৰত এক্সপ্ৰেছ”; গুৱাহাটী-নিউ জলপাইগুৰিৰ মাজত হ’ব চলাচল, পিছে জানি লওক সময় আৰু ভাড়া কিমান?

Vande Bharat Express: সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ-পূবৰ প্ৰথমখন ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ ফ্লেগ অফ কৰে

Must Read

Vande Bharat Express PM Flags Off: সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ-পূবৰ প্ৰথমখন ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ ফ্লেগ অফ কৰে (PM Flags Off Assam’s First Vande Bharat Express Train)।

এই ৰে’লখন গুৱাহাটীৰ পৰা পশ্চিম বংগৰ জলপাইগুৰিলৈকে যাব (Vande Bharat Express Train Connecting Guwahati With New Jalpaiguri)। এইখনেই হৈছে গুৱাহাটীক পশ্চিমবংগৰ নিউ জলপাইগুৰিৰ সৈতে সংযোগ কৰা উত্তৰ-পূবৰ প্ৰথমখন আৰু ভাৰতৰ ১৮ সংখ্যক বন্দে ভাৰত এক্সপ্ৰেছ (Vande Bharat Express)

অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে (Vande Bharat Express) পূৰ্বোত্তৰৰ জনসাধাৰণক গতি আৰু আৰামদায়ক যাত্ৰা কৰাৰ এক মাধ্যম প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ পৰ্যটনকো এক উত্থান প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে বন্দে ভাৰত এক্সপ্ৰেছক (PM Flags Off Assam’s First Vande Bharat Express) অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে।

গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি সংযোগী এই ৰে’লে বৰ্তমান দুয়োখন স্থানৰ মাজত চলি থকা আটাইতকৈ দ্ৰুততম ৰে’লৰ তুলনাত প্ৰায় এঘণ্টাৰ যাত্ৰাৰ সময় ৰাহি কৰাত সহায় কৰিব।

এই ৰে’লখন অসমৰ কামৰূপ মহানগৰ (Kamrup Metro), কামৰূপ গ্ৰাম্য (Kamrup Rural), নলবাৰী (Nalbari), বৰপেটা (Barpeta), চিৰাং (Chirang), কোকৰাঝাৰ জিলা (Kokrajhar) আৰু পশ্চিম বংগৰ (West Bengal) আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ আৰু জলপাইগুৰি জিলাৰ মাজেৰে পাৰ হ’ব। এই অঞ্চলসমূহৰ লোকসকলে আধুনিক ৰে’ল যাত্ৰাৰ সুবিধা ল’ব পাৰিব।

বন্দে ভাৰত এক্সপ্ৰেছে ৪১১ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি প্ৰায় এঘণ্টাৰ যাত্ৰাৰ সময় ৰাহি কৰিব। গুৱাহাটী আৰু নিউ জলপাইগুৰি সংযোগী আন সকলো ৰে’লতকৈ ইয়াৰ গতিবেগ অধিক। পাঁচ ঘণ্টা ৩০ মিনিটত বন্দে ভাৰতে এই যাত্ৰা সামৰি ল’ব।

ভাৰতীয় ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেশ্যনৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি বন্দে ভাৰত এক্সপ্ৰেছৰ এচি চেয়াৰত গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ ১২২৫ টকা আৰু এক্সিকিউটিভ চেয়াৰত ২২০৫ টকা খৰচ হ’ব।

মঙলবাৰৰ বাহিৰে সপ্তাহৰ বাকী গোটেই কেইদিন এই ৰে’লখনে সেৱা আগবঢ়াব (Vande Bharat Express)।

গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি অভিমুখী বন্দে ভাৰত এক্সপ্ৰেছে (ট্ৰেইন নং-২২২২৮)ৰ ষ্টেছনসমূহ এৰাৰ সময় তলত উল্লেখ কৰা হ’ল –

গুৱাহাটীঃ ১৬:৩০ বজাত

কামাখ্যাঃ ১৬.৪০ বজাত

নতুন বঙাইগাঁওঃ ১৮.৩৫ বজাত

কোকৰাঝাৰঃ ১৮.৫৬ বজাত

নতুন আলিপুৰদুৱাৰঃ ১৯.৪৮ বজাত

নিউ কোঁচবিহাৰ: ২০.০২ বজাত

নতুন জলপাইগুৰিঃ ২২.০০ বজাত

আনহাতে নিউ জলপাইগুৰিৰ পৰা গুৱাহাটী অভিমুখী বন্দে ভাৰত এক্সপ্ৰেছৰ (Vande Bharat Express) ষ্টেছনসমূহ এৰাৰ সময়ৰ তালিকা তলত উল্লেখ কৰা হ’ল –

নতুন জলপাইগুৰি: ০৬:১০ বজাত

নিউ কোঁচবিহাৰ: ০৭.৩৫ বজাত

নতুন আলিপুৰদুৱাৰ: ০৭.৫০ বজাত

কোকৰাঝাৰঃ ০৮.৪০ বজাত

নতুন বঙাইগাঁও: ০৯.১৩ বজাত

কামাখ্যাঃ ১১.১৮ বজাত

গুৱাহাটীঃ ১১.৪০ বজাত

উল্লেখ্য যে বন্দে ভাৰত এক্সপ্ৰেছৰ এক্সিকিউটিভ চেয়াৰৰ ডবাত ৫২জনকৈ বহিব পৰা যায়।

আনহাতে, সাধাৰণ চকীৰ ডবাত ৭৮জনকৈ বহিব পৰা আৰু ড্ৰাইভিং ট্ৰেইলাৰ ডবাত ৪৪জনকৈ লোকে যাত্ৰা কৰিব পাৰে।

Photo: Google

লগতে পঢ়কঃ Delhi Murder Stabbed: “২০ বাৰ হানিলে চুৰিৰে; ৬ বাৰ শিলেৰে থেতেলিলে, দিল্লীত হৃদয় কঁপোৱা ঘটনা, চায় চায় গুচি গ’ল মানুহ, কিন্তু কোনেও নকৰিলে ৰক্ষা, Video চালে আপুনিও এবাৰ হ’লেও ক’ব- ইমান নৃশংস কেনেকৈ হ’ব পাৰে?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -