26 C
Guwahati
Friday, April 19, 2024

Jiah Khan Suicide Case Verdict: প্ৰসংগঃ অভিনেত্ৰী জিয়া খান (Jiah Khan)ৰ আত্মহত্যা! উপযুক্ত প্ৰমাণৰ অভাৱত সূৰজ পাঞ্চোলীক দোষমুক্ত ঘোষণা আদালতৰ; ১০ বছৰৰ পিছত আহিল ৰায়, জিয়াৰ মাকে আকৌ ন্যায় বিচাৰি যাব উচ্চ ন্যায়ালয়লৈ…

Jiah Khan Suicide Case Verdict After 10 Years: বলীউড অভিনেত্ৰী জিয়া খানে ২০১৩ৰ ৩ জুনত নিজৰ ফ্লেটত আত্মহত্যা কৰিছিল। জিয়া খানে ছুইটাইড নোটত প্ৰেমিক সূৰজ পাঞ্চোলীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছিল, তাৰ পিছতে সূৰজক জিম্মাত লোৱা হৈছিল।

Must Read

Jiah Khan Suicide Case Verdict After 10 Years: বলীউড অভিনেত্ৰী জিয়া খানৰ মূত্য়ুৰ গোচৰ সন্দৰ্ভত ১০ বছৰৰ পিছত সিদ্ধান্ত আহিল। মুম্বাইৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ বিশেষ ব্যুৰো (CBI)ৰ আদালতে সূৰজ পাঞ্চোলীক দোষমুক্ত ঘোষণা কৰি মুক্তি কৰি দিয়ে (Jiah Khan Suicide Case Verdict After 10 Years Sooraj Pancholi)

Jiah Khan Suicide Case Verdict

আদালতৰ এই ৰায়ৰ পিছতে জিয়াৰ মাতৃ ৰাবিয়াৰ অৱস্থা মূৰত সৰগ ভাঙি পৰা যেন হৈছে। তেওঁ CBIৰ আদালতৰ এই সিদ্ধান্তক আগলৈ প্ৰত্যাহ্বান জনাব। উল্লেখ্য, ৩ জুলাই ২০১৩ত মুম্বাইস্থিত নিজৰ ঘৰত মৃত অৱস্থাত পোৱা গৈছিল জিয়াক। তেওঁৰ মৃত্যুৱে বলীউড জগতত খলকনিৰ সৃষ্টি কৰিছিল।

সূৰজ পাঞ্চোলীয়ে (Sooraj Pancholi) পালে ডাঙৰ সকাহ

জিয়া খান আত্মহত্যা ঘটনা সন্দৰ্ভত সূৰজ পাঞ্চোলীক CBIৰ আদালতে মুক্ত কৰি দিয়ে (Jiah Khan Suicide Case Verdict)। অভিনেতাজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে- তেওঁ জিয়াক আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰিছিল। আদালতে প্ৰমাণৰ অভাৱত সূৰজক দোষমুক্ত ঘোষণা কৰে। আদালতে কোৱা অনুসৰি সূৰজৰ বিৰুদ্ধে কোনোধৰণৰ গোচৰ নহয়ে। অভিনেতাজনে আদালতৰ এই সিদ্ধান্তৰ পিছত ধন্যবাদ জ্ঞাপন কৰে। সূৰজৰ মাতৃ জৰিনা বহাৱেও শান্তিৰ উশাহ লয়। অৱশ্যে জিয়া খানৰ মাতৃ আদালতৰ এই সিদ্ধান্তক লৈ একেবাৰে সুখী নহয়।

জিয়াৰ মাতৃয়ে ক’লে (Jiah Khan Mother Rabia Khan)

ৰাবিয়াই আদালয়ৰ এই সিদ্ধান্তক লৈ মিডিয়াৰ সৈতে কথা পাতে। তেওঁ ক’লে- ‘মই এতিয়াও হাৰ মনা নাই। শেষ ন্যায় এতিয়াও নাই হোৱা। প্ৰমাণৰ অভাৱৰ বাবেহে এই ৰায় আহিল। CBI-এ নিজৰ কাম ভালদৰে কৰা নাই। মই এতিয়াও এই কথাটোকে সুধিম যে মোৰ কন্যাৰ কেনেকৈ মৃত্য়ু হ’ল। এই ৰহস্য এতিয়াও ফাদিল হোৱা নাই। মই হাইকৰ্টত এই সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাম।

CBI আদালতত ৰায় ঘোষণা কৰাৰ পূৰ্বে প্ৰথমে কাঠগড়াত সূৰজ পাঞ্চোলীক মাতি অনাৰ পিছত তেওঁক পুনৰ সম্পূৰ্ণ নাম সোধা হয়। ইয়াৰ পিছত সূৰজ পাঞ্চোলীয়ে তেওঁৰ সম্পূৰ্ণ নাম ক’লে। অৱশেষত আদালতে ৰায় দি ক’লে যে এই গোটেই বিষয়টোৰ পৰা আপুনি দোষমুক্ত। এই গোচৰৰ সৈতে জড়িত সকলো লোক এই সিদ্ধান্তৰ সময়ত আদালতত উপস্থিত আছিল। চিবিআইৰ বিশেষ আদালত সূৰজ পাঞ্চোলী আহিছিল মাতৃ আৰু প্ৰবীণ অভিনেত্ৰী জৰিনা ৱাহাবক লৈ।

ৰেহাইৰ পিছত সূৰজে ক’লে (Jiah Khan Suicide Case Verdict)-

আদালতৰ ৰায়ৰ পিছত সূৰজ পাঞ্চোলীয়ে ইনষ্টাত প্ৰথমটো প্ৰতিক্ৰিয়া দিয়ে। তেওঁ লিখে- সত্যৰ সদায় জয় হয়।

Jiah Khan Suicide Case Verdict
সূৰজ পাঞ্চোলীৰ পোষ্ট

মাতৃৰ সৈতে সিদ্ধিবিনায়ক মন্দিৰলৈ গ’ল সূৰজ

আদালতৰ সিদ্ধান্তৰ পিছতে জৰিনা বহাৱ পুত্ৰক লৈ সিদ্ধিবিনায়ক মন্দিৰলৈ যায় প্ৰাৰ্থনা জনাবলৈ।

Jiah Khan Mother Rabia Khan
সূৰজ পাঞ্চোলী
Jiah Khan Mother Rabia Khan
সূৰজ পাঞ্চোলীৰ মাতৃ

জিয়া খানৰ মাতৃ ৰবিয়া খানৰ অধিবক্তাই কয় যে মুম্বাইৰ চিবিআই আদালতৰ বিশেষ ন্যায়াধীশ এ এছ ছায়েদে জিয়া খানৰ মৃত্যুৰ গোচৰত সূৰজ পাঞ্চোলীক ক্লিন চিট দিয়াৰ পিছত আমি ৰায়দান অধ্যয়ন কৰি উচ্চ ন্যায়ালয়ত আবেদন কৰিম।’ তাৎপৰ্যপূৰ্ণভাৱে অমিতাভ বচ্চনৰ সৈতে নিশব্দ ছবিত অভিনয় কৰি জনপ্ৰিয় জিয়া খানক ২০১৩ চনৰ ৩ জুনত মুম্বাইৰ নিজৰ ঘৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

এসপ্তাহৰ পাছত জিয়া খানে লিখা বুলি অভিযোগ উত্থাপন কৰা চিঠি উদ্ধাৰৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে সূৰজ পাঞ্চোলীক ৩০৬ (আত্মহত্যাৰ সহায়) ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল। চিঠিখনত জিয়াই সুৰজ পাঞ্চোলীৰ সৈতে থকা বেয়া সম্পৰ্কৰ কথা কোৱাৰ লগতে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা বুলিও কৈছিল।

Photo: Google

লগতে পঢ়কঃ জিকা (Ridge Gourd) Benefits: জিকা খাই হয়তো বহুতেই ভাল পাই বা নাপাই; কিন্তু এই সাধাৰণ পাচলিবিধৰ লাভালাভবোৰ পঢ়িলে, ভাল নোপোৱাসকলেও ভাল পাবলৈ আৰম্ভ কৰিব, পিছে জানি লওক গুণাগুণবোৰ কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -